Wednesday, August 3, 2016

চৰকাৰী আমোলা-বিষয়া আৰু অন্ধবিশ্বাস
(কেইদিন মানৰ আগৰ কথা। বন্ধু এজনে আহি ক’লে, “তুমি আজিকালি সাপ খেলুৱা বাজীকৰকো চাৰ্টিফিকেট দিয়া নিকি হে!’’  …. পিছত গম পালো – ওজা এজনে হেনু মই তেওঁৰ ওপৰত লেখা সাক্ষাত্কাৰ এটা মানুহৰ মাজত দেখুৱাই ফুৰি তেওঁৰ ওজাত্বৰ প্ৰমাণ দি অন্ধবিশ্বাসী লোকৰ মাজত নানা “ঔষধ”, আনকি “সাপৰ মণি” দিয়াৰ প্ৰতিশ্ৰুতিৰে আগধন, মাননী আদি সৰকাইছে। মোৰ এই লেখা, অন্ধবিশ্বাসী সেই সকলৰ বাবে – যিসকল কেবল মজনুৰ দ্বাৰাই নহয়, আন হাজাৰ হাজাৰ এনে প্ৰতাৰকৰ দ্বাৰা প্ৰতাৰিত।)
সাপ!! নাম শুনিলেই গা জিকাৰ খাই যোৱা, ৰহস্যৰে ভৰা এটা আচৰিত প্ৰাণী। প্ৰাক ঐতিহাসিক কালৰে পৰাই সাপক মানুহে এক অন্য দৃষ্টিৰে চাই আহিছে। ভয়, শ্ৰদ্ধা, ঘিন আদিৰে মানুহে সদাই সাপক নিজৰ জীৱনৰ পৰা দূৰত ৰাখিছে। পূজাও কৰিছে অথচ দূৰত ৰাখিছে। ভগৱানক পূজা নকৰিলে যেনেদৰে অন্ধবিশ্বাসী সকলৰ ভাৱ হয়, ভগৱানে আহি টেটুত চেপি ধৰিব, পৰীক্ষাত পাচ কৰাই নিদিব, প্ৰমোচন নহ’ব, নিৰ্বাচনত নিজিকিব .... তেনেদৰেই ভাৱে – সাপক নুপুজিলে যেন খুটিয়াই মাৰিব! গ্ৰীষ্মকালৰ লগে লগে সাপ নামৰ এই নিৰীহ, ভয়াতুৰ আৰু ধুনীয়া আপুৰুগীয়া প্ৰাণীটোৱে শীত নিদ্ৰা সমাপ্ত কৰি বাহিৰলৈ ওলাই আহে। আৰু লগে লগে ওলাই আহে প্ৰতাৰক ওজা, বেজ আদিবোৰ। এইটোৱেই তেওঁলোকৰ ‘চিজন’। সাপৰ প্ৰতি থকা জনসাধাৰণৰ ভ্ৰান্ত ধাৰণা, মিছা ভয় …. এই ওজা সকলৰ প্ৰধান অস্ত্ৰ। তাৰেই চিকাৰ কৰে লাখ লাখ টকা। কিছুমানে পিছত নিজকে প্ৰতাৰিত বুলি বুজি পায়। কিছুমানে নাপায়, বছৰৰ পিছত বছৰ শোষিত হৈ থাকে এই প্ৰতাৰকৰ দ্বাৰা।
কোনো দিনেই এনে প্ৰতাৰকৰ হাতত পৰিব নলগা ব্যক্তিজনে যেতিয়া- ৰাতিপুৱা নিজৰ ফুলনি দৰাত পোক-পতংগ খাবলৈ অহা সাপডাল দেখিব; অফিছলৈ আহিয়েই লগপাব এনে ওজা বা বেজ। তেওঁলোকৰ লগত থাকিব বিখ্যাত(হিতেশ্বৰ শইকীয়াৰপৰা আৰম্ভ কৰি প্ৰফুল্ল মহন্তলৈকে) লোকৰ সৈতে সম্পৰ্কৰ প্ৰমাণ, প্ৰশংসা পত্ৰ। তেতিয়া লাহে লাহে ব্ৰেইন ৱাচ হোৱাটো স্বাভাৱিক। পিছত যেতিয়া গম পাব – কেৱল সাপ বিষয়ক নহয় – প্ৰমোচন আদিতো তেওঁলোকে সহায় কৰিব পাৰে – তেতিয়া লোভ সামৰিব পৰা নাযায়।
আজি-কালি ওজা, বেজবোৰৰ প্ৰধান চিকাৰ ক্ষেত্ৰ হৈছে – চৰকাৰী অফিছবোৰ। চৰকাৰী কাৰ্য্যালয়ত ডিঙিত সাপ মেৰিয়াই লোৱা এই ওজাৰ ভিৰ বৰ্তমান সময়ত লাহে লাহে বাঢ়িব ধৰিছে। প্ৰথমে এদিন এনেয়ে যাব আৰু অফিচৰ বচক কথাৰে মোহিবলৈ চেষ্টা কৰিব। সেও নমনা অফিচাৰক উপহাৰ হিচাপে কিবা কিবি বহুত কামত অহা মূল্যৱান মণি এটা বা তাবিজ এটা উপহাৰো দি দিব পাৰে। প্ৰথম দৰ্শনতে যদি ব্যক্তিজনক মুহিব পাৰে তেন্তে কথাই নাই। নহ’লে হয়তো সেই অফিছাৰজনৰ ঘৰ নাইবা তেওঁৰ ওপৰৱালাৰ চিফাৰিচ লৈ পুনৰ সা-সৰঞ্জাম সহ অফিচলৈ আহিব। সেইদিনা অফিচটো হৈ পৰিব কাছাৰীৰ সাপ খেল দেখুওৱা পৰিৱেশটোৰ দৰে। কিন্তু কিছু গহীন। কাৰণ সেই খেলৰ দৰ্শকবোৰ চৰকাৰী বিষয়া। প্ৰথমে যদি কেনেবাকৈ অফিছষটাৰ বচক নিজৰ অধিনলৈ আনিব পৰা যায়- তেন্তে লাহে লাহে অফিছৰ গোটেইখিনি কৰ্মচাৰীক চিকাৰ কৰাটো সহজ হৈ পৰে। বচও ফান্দত নপৰাকৈ থাকে কেনেকৈ – কাৰণ তেওঁৰো ওপৰৱালা যেনে ধৰক, আয়ুক্ত, সচিব আদি সকলৰ লগত বেজৰ যি সম্পৰ্ক দেখুৱাব – উপায় নাই। তাৰ উপৰি প্ৰধানমন্ত্ৰী, অভিনেতা, খেলুৱৈ, প্ৰতাপী পুলিচ বিষয়া, চিকিত্সক, বিজ্ঞানী – এই সকলোৰে লগত বেজ বা ওজাজনে যি সনাপোতোকাৰ প্ৰমাণ দাঙি ধৰিব – উলায় কৰা সম্ভৱ হৈ নুঠে।
তাৰ পিছত আৰম্ভ হ’ব বেজৰ সন্মোহন। প্ৰথমে তেওঁৰ দীঘল লেকচাৰ। কত কিমান সাপে খোটা মানুহ ভাল কৰিলে, কোন প্ৰধানমন্ত্ৰীৰ লগত ফৰেইন ঘূৰি আহিলে ইত্যাদি। ইয়াৰ পিছতো কাম নিসিজা যেন পালে বেগৰ পৰা সাপ এডাল উলিয়াই চুই-মেলি দেখুৱাব – যে তেওঁক সাপে একো নকৰে। বেছি জোৰ কৰিলে সাপৰ মুখখন তেওঁৰ মুখৰ ভিতৰত লৈয়ো দেখুৱাব পাৰে। সদাই সাপক দূৰৰ পৰাই সেৱা কৰা সকলৰ বাবে বেজৰ কাম কাজত মুগ্ধ হোৱাটোৱেই স্বাভাৱিক।
“সেইখিনি সময়ত এনে লাগে যেন গোটেই পৃথিৱীখন সেই বেজৰ মতেহে চলিছে”। এগৰাকী মহিলা এচিএছ বিষয়াই এনে মন্তৱ্য কৰিছিল।
অফিচৰ সকলো মুহিত হ’লে – বেজৰ প্ৰতি বিশ্বাসৰ ভাৱ দেখা পালে – একোটা সৰু সৰু তাবিজ তেওঁ পানীৰ মূল্যত (২ টকাৰ পৰা ১৫ টকা) দিব পাৰে। যদি তাবিজ কিনিলে – তেন্তে বেজৰ বাট মুকলি। ইয়াৰ পিছত আৰম্ভ হ’ব- ব্যক্তিগত সমস্যা সমাধানৰ মূল পৰ্য্যায়।
সাপে নোখোটা ঔষধৰ উপৰিও সন্তান নোহোৱা মহিলাৰ সন্তান হোৱা, চাকৰিৰ পদোন্নতি পৰা আৰম্ভ কৰি কোনো নাৰীক দৈহিক কামনাৰ বলি কৰিব পৰা ‘ঔষধো’ এই লোকবোৰে যোগান ধৰে। অৱশ্যে ইয়াৰ বাবে ফীজও বেলেগ বেলেগ। কিছুমান বেজে আকৌ মানুহৰ কপাল দেখিয়েই কৈ দিব পাৰে – অহা মাহত ব্যক্তিজন বা তেওঁৰ পুত্ৰ, কন্যা বা পত্নীৰ গাড়ী দুৰ্ঘটনাত মৃত্যু হ’ব। সেই ব্যক্তিয়ে বেজৰ পৰা ৮, ৯ হাজাৰ টকাৰে সাপৰ মণি কিনি দুৰ্ঘটনাৰ পৰা হাতসৰাৰ বাহিৰে আন একো উপায়েই বিচাৰি নাপায়। কিন্তু সকলো অন্ধবিশ্বাসৰ দৰেই এই কথাবোৰও কেতিয়াও প্ৰমাণিত নহয়। অৰ্থাত্ দুৰ্ঘটনা হ’ব বুলি যেনেদৰে কোনো প্ৰমাণ পোৱা নাযায়, সাপৰ মণি লোৱাৰ বাবেই দুৰ্ঘটনাৰ পৰা হাত সাৰিব পৰা গ’ল বুলিও কোনো প্ৰমাণ দিয়াৰ আৱশ্যকতা নাথাকে।  অৱশ্যে বেছি ফীজৰ বিনিময়ত প্ৰমোচন বা ট্ৰেন্সফাৰৰ দৰে প্ৰমাণ কৰিব পৰাকৈ ‘ঔষধ’ বেজ সকলে দিব পাৰে। সেয়া কেনেকৈ সম্ভৱ সেইটো পৃথক কাহিনী। এনে প্ৰমাণ কৰিব পৰা দুই-এটা ঘটনাহে বেজবোৰৰ মাজত থাকে। কাৰণ দুৰ্নীতিগ্ৰস্ত প্ৰশাসন যন্ত্ৰটোক প্ৰমোচন বা ট্ৰেন্সফাৰৰ বাবে যিমান টকা লাগে বেজৰ ‘ঔষধ’ৰ দাম তাতকৈ বেছি পৰে! কাৰণ তাৰ মাজত বেজৰ কমিছনও যুক্ত হৈ যায়।
এই সকলোবোৰৰ পিছত মাথো এটা বিৰাট শূন্যৰ বাহিৰে একো নাই। অন্ধবিশ্বাসী, বেজ, ওজা বিশ্বাসী ৰাইজৰ পকেট শূন্য আৰু বেজৰ ওপৰতে নিজৰ ভৱিষ্যত সপি দি দি নিজৰ মগজুৰ বিচাৰ বুদ্ধিও লাহে লাহে শূন্য হ’বলৈ আৰম্ভ কৰে।
এবাৰ বেজৰ শৰণ লোৱাৰ পিছত কোনো ব্যক্তিৰ যিমান ভাল হয়, উন্নতি হয় – সকলো বেজৰ অনুগ্ৰহ আৰু যিমান অনিষ্ট হয়, সকলোবোৰ বেজে দিয়া কঠোৰ নিয়ম পালনত কিছু হীন-দেঢ়িৰ বাবেই হোৱা বুলি অন্ধবিশ্বাসী সকলে ভাবি লয়। ইয়াৰ ফলত নিজৰ মানসিক উত্কৰ্ষ সাধনত বাধাপ্ৰাপ্ত হয়। যুক্তিবাদী মনটো লুপ্ত হৈ যায়। সমাজত এনে মানুহৰ বাবেই দেখা দিয়ে বিশৃংখলতা। অসমত অন্ধবিশ্বাস নাই নাই বুলি কৈ থাকোতে থাকোতেই গুৰুবাদ, বেজ, আনকি ‘ঐশ্বৰীক শক্তিসম্পন্ন’ মানুহেৰে ভৰি পৰিল। যিয়ে গোটেই অসমৰ সু-সমন্বয় আৰু সম্প্ৰীতিৰ ভাৱধাৰাক চিন্ন-ভিন্ন কৰি পেলাবলৈ উঠি পৰি লাগিছে। আনকি বেলেগ বেলেগ গুৰুৰ ভক্তইও অসমৰ ৰাজনীতিত প্ৰভাৱ পেলাবলৈ আৰম্ভ কৰিছে। এতিয়া অসমতো আৰু বেছিদিন নাই- কোনোবা দিনা কোনোবা গুৰু, বেজ, ওজাই ঘোষণা কৰিব- এইবাৰ অমুকেই মুখ্যমন্ত্ৰী হওক। তেওঁ মোৰ ভক্ত। তেতিয়া অসমৰ ৰাইজে নাকটো ক’ত লুকুৱাব? সাৱধান হোৱাৰ সময় পাৰ হৈ গৈছে  কেতিয়াবাই। তথাপি বাধা দিয়াত আপত্তি ক’ত? – নিৰীহ, শান্ত সাপৰ ভয়ত আজি বেজৰ শৰণ লোৱা আৰু কাইলৈ অসমক শোষণৰ পৰা বচাবলৈ কোনোবা চন্দ্ৰস্বামীৰ শৰণ লোৱাৰ মানসিকতা গঢ়ি নুঠিলেই অসম বাচিব, অসমীয়া জাতি বাচিব। এয়া এক প্ৰত্যাহ্বান।
- পংকজ নেওগ
- (১৯৯৬ চনৰ ১৯ মে’ তাৰিখে “আজিৰ অসম’’ কাকতত মোৰ এই লেখাটো প্ৰকাশ পাইছিল। অকনো সালসলনি নকৰাকৈ ইয়াত দিলো।)