Friday, November 30, 2012

গণেশৰ দুগ্ধপানৰ “পষ্টমৰ্টেম’’


১৯৯৫ চনৰ ২১ চেপ্তেম্বৰ তাৰিখটো বিজ্ঞানৰ বাবে ক’লা দিন আছিল। সেইদিনা সমগ্ৰ ভাৰতৰ লগতে বিশ্বৰ হিন্দু অন্ধবিশ্বাসী লোক থকা ঠাইত গণেশে গাখীৰ খালে!!  তাৰেই ওপৰত মই কৰা “পষ্টমটেঁম’’ ৩০ চেপ্তেম্বৰ ১৯৯৫ তাৰিখে দৈনিক অসম কাকতত প্ৰকাশ পাইছিল।
গণেশৰ দুগ্ধপানৰ “পষ্টমৰ্টেম’’
? ২১ তাৰিখেহে কিয় গাখীৰ খোৱা উৰা বাতৰিৰ সৃষ্টি হ’ল? দিনটোৰ কিবা বিশেষত্ব আছে নেকি?
-     এই প্ৰশ্নৰ উত্তৰ দিয়াটো কঠিন। কাৰণবোৰ বহুত হ’ব পাৰে। তাৰে ভিতৰত প্ৰথমটোৱেই হ’ল মানুহে (অন্ধবিশ্বাসী) ভাল কাম কৰিবৰ বাবেহে “ভাল দিন-বাৰ’’ বিচাৰ কৰে। কাৰোবাক প্ৰতাৰণা কৰিবলৈ, নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ পূৰণৰ বাবে কাম কৰাৰ সময়ত দিন বাৰ নাচায়। গতিকে, সেইফালৰ পৰা চালে তাৰিখটোত গুৰুত্ব দিব লগা কথা নহয়। পাগল, প্ৰতাৰক, লম্পট আৰু “মানৱ ঈশ্বৰ’’ হিচাপে নিজকে চিনাকী দিয়া এক শ্ৰেণী, সুবিধাবাদী, আৰু অন্ধবিশ্বাসী ৰইজৰ মূৰত বহি খোৱা সকলেও ইয়াক ভগৱানৰ লীলা বুলি কোৱাৰ ফলত দ্বিতীয় কাৰণ এটাও সমুখলৈ আহে।
যেতিয়া তেনে মানৱ ঈশ্বৰৰ প্ৰকৃত স্বৰূপ ওলাই পৰে, তেতিয়া হিতাহিত জ্ঞান হেৰুৱাই যেনে তেনে বাচিবৰ বাবে উপায় উলিয়াব বিচাৰে। চন্দ্ৰস্বামীয়েও ভাবিছিল ছাগে এয়া তেওঁৰেই লীলাৰ ফলত হোৱা বুলি কৈ জনমানসত নিজক “ক্লিন’’ হিচাপে প্ৰতিষ্ঠা কৰিব। তেওঁৰ বিৰুদ্ধে লোৱা ব্যৱস্থাৰ বিৰুদ্ধে জনমত গঢ় লৈ উঠিব। তাৰিখটো ডাঙৰ কথা নহয়।
?  চামুচেৰেহে কিয় খালে?
-     সেই দিনা চৰিয়া, ঘটি, গ্লাচ আদিত থকা গাখীৰো নিজে নিজে নোহোৱা হ’ল বুলি কোৱা বহু লোক লগ পাইছিলো। কিন্তু গণেশে প্ৰকৃততে গাখীৰ নাই খোৱা বুলি প্ৰচাৰ হোৱাৰ পাচত সেই লোকসকলেই কৈছে, “মই নিজে দেখা নাছিলো আন এজনে কোৱাহে শুনিলো’’। কাৰণ, পৰীক্ষাটো কেৱল চামুচেৰেহে বা তেনে সৰু পাত্ৰৰেহে কৰিব পাৰি। ফলত, কম সময়ত গাখীৰখিনি বৈ পৰি সোনকালে নোহোৱা হয় আৰু আনে পৰ্য্যবেক্ষণ কৰিবলৈকো সময়, সুবিধা নাপায়।
? গণেশকহে কিয় গাখীৰ খুওৱা হ’ল? আন মন্দিৰত বা মূৰ্ত্তিক কিয় গাখীৰ খুওৱা নহ’ল?
-     বেচেৰা গণেশৰ ভক্ত চাগৈ কমি গৈছিল! এই ভুৱা প্ৰচাৰ কৰা প্ৰথম ব্যক্তিজনে বা দলে প্ৰথমে পৰীক্ষাটো কৰি চাইছিল গণেশৰ মূৰ্তিত। সেয়ে গণেশেহে গাখীৰ খায় বুলি প্ৰচাৰ কৰিলে। আনহাতে আন মূৰ্তিৰ মুখৰ আশে-পাশে তেনে কোনো অংগ নাই ছাগে যি ফালেৰে গাখীৰ বৈ পৰিবলৈ সুবিধা। কাৰণ নাক, কাণ আদিৰে গাখীৰ খুৱাব নোৱাৰি। বহুত ঠাইত অৱশ্যে তেনে অংগ থকা আন মূৰ্তিকো গাখীৰ খুৱাই দিয়া হ’ল। আমি পৰীক্ষা কৰোতে শিৱৰ সাপ, জঁটা আদিয়েও খালে।
? সদায় সদায় কিয় নাখায়?
-     খাব। আজিও খাব। সদায় খাব।
? সকলোবোৰ গণেশ মন্দিৰত কথাটো কিয় সঁচা নহ’ল? কিছুমানৰ ঘৰত খালে, কিছুমানৰ ঘৰত নাখালে?
-     যিবোৰত নাখালে সেই মূৰ্তিত ছাগে চামুচৰ পৰা গাখীৰ বাগৰি পৰিব পৰাকৈ অংগ নাছিলে। মুখৰ আগত লৈ থাকিলেইতো গাখীৰখিনি নোহোৱা হৈ নাযায়!

? গাখীৰবোৰ ক’ত যায়? ইমানবোৰ গাখীৰ ধালিলে-খুৱালে..। যদি গণেশে নাখালে, বাগৰিহে পৰিল তেন্তে নৈ বৈ যাব লাগিছিল?
-     প্ৰথম কথা গণেশৰ মূৰ্তিয়ে গাখীৰ শুহি নলয়। যিমান গাখীৰ খুউৱা হ’ল সকলোবোৰ গণেশৰ গাৰে বাগৰি গৈ মজিয়াত পৰিল। কিছুমান সমুখতে পৰিল – কিছুমান গণেশৰ গাৰে বাগৰি গৈ মূৰ্তিৰ পিছফালে পৰিল।
এই উত্তৰবোৰৰ বাবে আমি গণেশ মন্দিৰবোৰ ভ্ৰমণ কৰিছিলো। বেছিভাগ মন্দিৰৰে মজিয়াখন বগা টাইলছ লগোৱা, গতিকে মজিয়াত গাখীৰ মনিবও নোৱাৰি। দ্বিতীয়তে সেইদিনা গাখীৰেই খাইছে- গতিকে অলপ অচৰপ গাখীৰ মজিয়াত পৰি থাকিলেও সন্দেহ কৰিব লগা একো নাই। আনহাতে কিমানেনো গাখীৰ খুৱালে গণেশক? খুৱাবলৈ নিলে বহুত, কিন্তু খুৱালে এচামুচহে! গাখীৰ খুউৱা মানুহৰ সংখ্যা কিমান? ২ হেজাৰৰ পৰা ৫ হেজাৰ। তাতোকৈ বেছি কোনোটো মন্দিৰতে হোৱা নাই। ৫হেজাৰ চামুচ গাখীৰ কিমান লিটাৰ হব? এজন পূজাৰীয়ে ক’লে, “মাজে মাজে বস্তাৰে মজিয়াত পৰা গাখীৰবোৰ মচি পেলোৱা হৈছিল।’’ কিন্তু বাকীবোৰ গাখীৰ? অন্ততঃ ৫ হেজাৰ অন্ধবিশ্বাসীয়ে যদি গড় হিচাপে এপোৱা গাখীৰ মন্দিৰলৈ নিছিল তেন্তেও ১২৫০ লিটাৰ গাখীৰ!!! সেইবোৰ আমি খাইছো। হোটেলৰ মিঠাই, গোৱালৰ গাখীৰ ৰূপে। নাম প্ৰকাশ নকৰো বুলি ১৪ বাৰ মান আশ্বাস দিয়াৰ পিছত এজন মন্দিৰৰ পূজাৰীয়ে তেওঁৰ বক্তৱ্য আগবঢ়াইছিল, “মইও গাখীৰ খুৱাইছিলো। বাবাই খোৱা বুলিয়েই ভাবিছিলো। মই ভয়ত কপিছিলো। প্ৰথমে মাৰোৱাৰী এজন আহি খুৱালে, তেতিয়াহে গম পালো- গাখীৰ খোৱা কথাটো। তাৰ পিছত ভক্তসকলৰ শাৰী। লাহে লাহে গম পালো গাখীৰবোৰ পৰি আছে। বাবাই খোৱা নাই। কিন্তু তেতিয়া ৰাইজক ক’বলৈও অসুবিধা হ’ল।” মই সুধিলো, “কিয়? দান-বৰঙণি আৰু গাখীৰৰ লোভত?’’
হাত যোৰ কৰি বৃদ্ধ পূজাৰীয়ে ক’লে, “নাই বাবা তেনে কথা নকবি। মই মিছা বুলি কোৱা হ’লে ভক্তই  মাৰি পেলালেহেঁতেন মোক। বহুতে ঘৰৰ পৰা লৈ অহা বাটিৰেই খুৱাবলৈ চেষ্টা কৰিছিল। নাখালে। পিছত বুজিলো, চামুচেৰেহে খাব। গতিকে সকলোকে চামুচেৰে খুৱাবলৈ কোৱা হ’ল। প্ৰথমে অহা মাৰোৱাৰীজনেও চামুচেৰেই খুৱাইছিল।”
গাখীৰবোৰ কি কৰিলে?
এচামুচ হে খুৱায়। প্ৰথমে দুই এজনে গাখীৰবোৰ লৈ গ’ল।তাৰ পাছত এগৰাকী মহিলাই ক’লে, “এক লিটাৰ আনিছিলো- কিবা পাত্ৰ এটাত থৈ দিয়ক। পিছত বাবাক দিব।”- সেই যে থলো, তাৰ পিছত সকলোৱে গাখীৰ এচামুচ খুৱাই বাকীখিনি থৈ দিবলৈ কয়। ফলত বাল্টিয়ে বাল্টিয়ে গাখীৰ জমা হ’ল।নতুনকৈ দুটা বাল্টি কিনাই অনালো। পানী থোৱা ড্ৰামটোও ব্যৱহাৰ কৰিলো।
কিমান গাখীৰ জমা হ’ল? কি কৰিলে?
গাখীৰতো আৰু পেলাই দিব নোৱাৰি! গোৱাল আৰু হোটেলে লৈ গ’ল। কিমান জমা হৈছিল ক’ব নোৱাৰো। অলপমান মন্দিৰৰ বাবে দান বৰঙণি দি থৈ গ’ল।
কিমান টকা পালে? কি কৰিলে টকাবোৰ?
“নুসুধিবি বাপা। মন্দিৰত দিয়া দান কিমান সেইটো সুধিব নাপায়।৫ পইছা হ’লেও দান, ৫ হেজাৰ হ’লেও দান। মন্দিৰৰ কামতে লাগিব।’’