চাইনিজ ৰেষ্টুৰা চিন্দ্ৰম
১৯৬৮ চন। নিউইয়ৰ্ক
চহৰৰ কোনোবা এখন ৰেষ্টুৰাত ড০ ৰবাৰ্ট ওৱাক এ তেওঁৰ প্ৰিয়
চাইনিজ খাদ্যৰ ডিছৰ সন্মুখত বহিছিল। ৰাতিপুৱাৰ সেই চাইনিজ ডিছৰ গৰম গৰম আৰু সুগন্ধই তেওঁৰ মন ভৰাই তুলিছিল। আমেজ লৈ লৈ ড০
ওৱাকে দুবাৰ মান শলাৰে ডাঙি লৈছিলহে মাথো নুডলছ। কিন্তু
হঠাত্ তেওঁ অনুভৱ কৰিলে তেওঁৰ চাৰিওকাষৰ চকী-টেবুলবোৰ যেন ঘুৰিবলৈ আৰম্ভ কৰিছে।
তেওঁ গাৰ সমস্ত শক্তি যেনে নোহোৱা হৈ গ’ল। হাতৰ পৰা শলা
দুডাল কেনেকৈ ওলাই পৰিল তেওঁ নিজেই কব
নোৱাৰিলে। লাহে লাহে, তেওঁৰ হাত-ভৰিৰ মাংস পেশীবোৰ যেন কপিবলৈ ধৰিলে। খুউব কম সময়ৰ
ভিতৰতে ড০ ওৱাক ইমানেই বেছিকৈ অসুস্থ হৈ পৰিল যে, তেওঁ তেওঁৰ প্ৰিয়
চাইনিজ ডিছ সমাপ্ত নকৰাকৈয়ে আনৰ সহায়্ত ঘৰ পালেগৈ।
কেইঘন্টামান এনেদৰে অসাৰ হৈ পৰি থকাৰ পিছত তেওঁ লাহে লাহে সুস্থ অৱস্থালৈ আহিলে
যদিও দেহটো অনবৰতে দূৰ্বল দূৰ্বল লাগি থাকিল কেইদিনমানৰ বাবে।
এনেদৰে
হঠাত্ অসুস্থ হৈ পৰাৰ কাৰণ বিচাৰি ড০ ওৱাক ব্যস্ত হৈ পৰিল। এয়ে
আৰম্ভণী। ড০ ওৱাকৰ এনেকৈ হঠাত্ অসুস্থ হোৱা আৰু ইয়াৰ কাৰণ বিচাৰি
যোৱাৰ ফলতেই আৱিষ্কাৰ হ’ল এবিধ নতুন ৰোগ। নাম দিয়া হ’ল-চাইনিজ ৰেষ্টুৰা চিন্দ্ৰম(CRS)। ড০ ওৱাকে অনুসন্ধান কৰি গম পালে যি সকল লোকৰ এনে চীনা
খাদ্য প্ৰিয়-তেনে সকলো লোকেই আগতেও কেইবাবাৰো ড০ ওৱাকৰ দৰেই
অভিজ্ঞতা লাভ কৰিছে। লাহে লাহে চীনা খাদ্য প্ৰিয় অন্যান্য দেশবোৰতো এনে প্ৰত্যক্ষ কৰা হ’ল।
কিন্তু
কি এই CRS, আৰু CRSৰ বাবে দায়ী কোন? কিহৰ বাবে CRS হয়? অন্যান্য দেশবোৰতো যেতিয়া CRS ঘনাই আৰু বৰ্দ্ধিত
হাৰত দেখা গ’ল-তেতিয়া ইয়াৰ বাবে দায়ী পদাৰ্থ বিধ বিচাৰি উলিয়াবলৈ ব্যাপক হাৰত পৰীক্ষা-নিৰীক্ষা চলিল। শেষত পোৱা গ’ল। CRS ৰ বাবে দায়ী ৰাসায়নিক পদাৰ্থ বিধ। নাম মন
চডিয়াম গ্লোটামেট, সংক্ষেপতে MSG। নামটো শুনিলে বৰ জটিল আৰু অচিনাকী
যেন লাগিলেও আজি কিন্তু অসমৰ প্ৰায়বোৰ হোটেল ৰেষ্টুৰাৰ উপৰিও প্ৰায়বোৰ খোৱা-বোৱাৰ
ক্ষেত্ৰত অভিজাত পৰিয়ালৰ ৰান্ধনী কোঠাত এই বিষাক্ত পদাৰ্থ বিধেই এক অপৰিহাৰ্য্য
অংগ হৈ পৰিছে। আমাৰ বাবে এই MSG ৰ চিনাকী নামটো হ’ল “আজিনামটো”।
চীন আৰু
জাপানত বহু আগৰে পৰাই ৰন্ধন কাৰ্য্যত ইয়াৰ ব্যৱ্হাৰ আছিল। আগতে ইয়াক এবিধ সাগৰীয
শামুকৰ পৰা সংগ্ৰহ কৰা হৈছিল যদিও আজি কালি বৰ্দ্ধিত চাহিদাৰ প্ৰতি লক্ষ্য
ৰাখি ইয়াক ৰাসায়নিক পদ্ধতিত তৈয়াৰ কৰা হয়। কিন্তু যদি এইবিধ ব্স্তু বিষাক্তই তেন্তে ইয়াৰ চাহিদা বৃদ্ধি পালে কেনেকৈ
? পৰীক্ষা কৰি
দেখা গৈছে -ৰন্ধা খাদ্য বস্তুত এই MSG এ কোনো বিশেষ প্ৰভাৱ
পেলাব নোৱাৰে। MSG এ কেৱল ৰন্ধা খাদ্য
দ্ৰৱ্যৰ প্ৰকৃত যিটো সোৱাদ, গোন্ধ আছে সেয়া বজাই ৰখাতে কিছু
ভূমিকা লয়। উদাহৰণ স্বৰূপে, কোনো ৰন্ধা
খাদ্য দ্ৰৱ্যত যদি আজিনামটো দিয়া হয়-পাক কাৰ্য্য শেষ কৰাৰ দুঘণ্টাৰ পিছতো সেই
খাদ্য বস্তুৰ সোৱাদ আৰু গোন্ধৰ বিশেষ পৰিবৰ্তন নহয়। যদিও
জাপান-চীন আদিত আৱিষ্কাৰ হোৱা আজিনামটো কেৱল হোটেল ৰেষ্টুৰাত ব্যৱহাৰ হৈছিল -
পিছলৈ ইয়াক যথেষ্ট অবৈজ্ঞানিক ৰূপত ব্যৱহাৰৰ ফলশ্ৰুতিত
সৃষ্টি হ’ল চি আৰ এছ। পিছে আজিনাম’টোৰ
ব্যৱহাৰো (যেনেদৰেই নহওক কিয়) যে ধীৰ বিষ ক্ৰিয়া হ’ব পাৰে
সেয়া পিছলৈ প্ৰমাণিত হোৱাত, আজিনাম’টোৰ
সকলোধৰণৰ ব্যৱহাৰেই যে স্বাস্থ্য হানিকৰ সেয়াই সূচাইছে। পিছে আমাৰ দেশত সুদূৰ চীনৰপৰা কঢ়িয়াই অনা এই আজিনাম’টোৰ বিষয়ে
নিৰ্দষ্টি ধাৰণা নথকাত আজিও এই বিষাক্ত দ্ৰব্যবিধৰেই বহু লোক ভক্ত হৈ পৰিছে। আজি
ভাৰতত কেৱল যে ৰন্ধা কাৰ্য্যতে ইয়াৰ ব্যৱহাৰ তেনে নহয়। বহুবোৰ খাদ্য দ্ৰৱ্যত ইয়াক সংৰক্ষন
কৰাৰ ক্ষেত্ৰতো ব্যৱহাৰ হয়। যি বিজ্ঞানসন্মত নহয়।
খাদ্য দ্ৰৱ্যৰ ওপৰত এই বগা ৰঙৰ গুৰি পদাৰ্থ বিধে বিশেষ
প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিলেও স্বাস্থ্যৰ ওপৰত ইয়াৰ প্ৰভাৱ কিন্তু অতি ভয়ানক।
CRS আৱিষ্কাৰ হোৱাৰ পিছতেই জাপানৰ হিৰোচী সাতুমী নামৰ
সংগঠনটোৱে ১৪০০ গৰাকী স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ ওপৰত পৰীক্ষা
কৰি দেখিছে-যিসকল ছাত্ৰ-ছাত্ৰীয়ে চীনা বা জাপানী MSG মিশ্ৰিত
খাদ্য গ্ৰহণ কৰে- তেওঁলোকৰ স্বভাৱ খিংখিঙিয়া হৈ পৰে, ধৈৰ্য্য
কম, কোনো কথাতে গুৰুত্ব নিদিয়া হয়, অলপতে ভাগৰ লাগে। এইবোৰ কেৱ্ল বাহ্যিক আৰু CRS ৰ পূৰ্ব লক্ষণহে। আভ্যন্তৰীণ ক্ষতিৰ পৰীক্ষা কৰিবৰ বাবে বিজ্ঞানীসকলে
নিগনি, গিনিপিগৰ ওপৰত পৰীক্ষা কৰি পালে যে, MSG এ এই জীৱবোৰৰ মস্তিস্কৰ স্থায়ী ক্ষতি কৰে আৰু বেছি পৰিমাণে এই দ্ৰব্য প্ৰয়োগৰ
ফলত এই প্ৰাণীবোৰৰ হৃদযন্ত্ৰ, কিডনি আৰু মাংসপেশী ধ্বংস কৰে।
কোৱা বাহুল্য-পৰীক্ষা কৰা এই প্ৰাণীবোৰৰ তিনিদিনৰ ভিতৰত মৃত্যু হৈছিল। MSG এ শিশুৰ শৰীৰতো একেই ক্ষতি কৰে। আমেৰিকাৰ বিজ্ঞানীসকলে পৰীক্ষা কৰি
দেখিছে যে CRS নোহোৱাকৈও MSG এ শিশুৰ
মগজুৰ প্ৰচণ্ড ক্ষতি কৰিব পাৰে। আনহাতে, এই পদাৰ্থই শিশুৰ আবয়বিক বৃদ্ধিত প্ৰচণ্ড
বাধাৰ সৃষ্টি কৰে। আকৌ জাপানৰ নেচনেল কেঞ্চাৰ ইনষ্টিটিউট আৰু
নেচনেল কেঞ্চাৰ চেন্টাৰে MSG এ কেঞ্চাৰ কৰিব পাৰে বুলিও
সিদ্ধান্ত দিছে। চিংগাপুৰ বিশ্ববিদ্যালয়ৰ প্ৰধান শিশুৰোগ বিশেষজ্ঞ প্ৰফেচাৰ ৱাং
হুক বুন এ সিদ্ধান্ত দিয়া মতে, আজিনাম’টোৰ প্ৰভাৱত
শিশুৰ হাত ভৰিৰ কপনি ৰোগ হয়। আৰু এইৰোগ প্ৰায়বোৰ ক্ষেত্ৰতে চিৰস্থায়ী হয়। আনহাতে, আজিনাম’টোৰ ব্যৱহাৰৰ
ফলত শিশুৰ উপৰিও বয়সস্থ লোকৰো মগজুৰ স্নায়ুকেন্দ্ৰৰ বিশেষ পৰিচালন ব্যৱস্থাৰ ক্ষতি
আৰু পৰিৱৰ্তন ঘটায়। আজিনাম’টো আমি খোৱা নিমখৰ
লগত মিহলি হোৱাৰ বাবে ইয়াৰ পৰিনাম আৰু ভয়ানক হয়। ইয়াৰ ফলত বয়সস্থসকলৰ
হাত-ভৰিৰ কপনি উঠা বেমাৰ, মূহূৰ্তত অৱস কৰা, প্ৰচণ্ড হাৰ্ট এটেকৰ উপৰিও মস্তিষ্কৰ
স্থায়ী ক্ষতি হয়। শিশুসকলৰ ক্ষেত্ৰত ইয়াৰ ফলত পোনতেই মগজুৰ ৰক্তপাত হোৱাৰ
সম্ভাৱনাও অধিক বুলি মালেয়ছিয়াৰ স্বাস্থ্য বিশেষজ্ঞসকলে সাৱধান বানী শুনাইছে।
১৯৭০
চনতে আমেৰিকাত শিশু খাদ্যসমূহত MSG ৰ ব্যৱহাৰ নিষিদ্ধ কৰা হয়। তাইৱান,
ফিলিপাইন, জাপান, মালেয়ছিয়া আদিৰ ১৪ টাতকৈও অধিক গ্ৰাহক সমবায় সংস্থাই কিছু
চিকিত্সা বিজ্ঞানীৰ মতে লগ-লাগি ‘ন’ এমএছজি প্লিজ’ বোলা এক
উমৈহতীয়া শ্লগানৰে আন্দোলন আৰম্ভ কৰিছে। ইয়াৰ ফলস্বৰূপেই মালেয়ছিয়া আৰু জাপানত MSG ৰ ব্যৱহাৰ নিষিদ্ধ হৈছে। মালয়েছিয়া আৰু চীনত MSG
মিহলি খাদ্যৰ ওপৰত “শিশুৰ বাবে নহয়”
বোলা সতৰ্ক বাণী লিখাৰ নিয়ম হৈছে।
কিন্তু এবাৰ যদি আমাৰ
দেশলৈ চকু দিও - এক ভয়াৱ্হ চিত্ৰ হে চকুৰ আগত ভাহি উঠে। আমাৰ দেশত
আজিনামটো ব্যৱহাৰ কৰা সকলৰ যি ধাৰণা সেয়া হ’ল-খাদ্য যিয়েই
নহওক কিয় আজিনাম’টোইহে যেন প্ৰকৃত সোৱাদ দিব পাৰিব। এই ধাৰণাৰ ভিত্তিতেই প্ৰায়
সকলোবোৰ হোটেল ৰেষ্টুৰাতে হকে বিহকে আজিনামটেৰ ব্যৱহাৰ কৰা হয়। কেৱল যে ৰন্ধন
কাৰ্য্যতে ইয়াক ব্যৱহাৰ হয় এনে নহয়। বজাৰত কিনিবলৈ পোৱা সকলোবোৰ নুডলছ, জাতীয় খাদ্য , চিলি চচ , বিলাহীৰ
চচ, আদি সকলোবোৰ আচাৰ আৰু বটলত থকা চচকে ধৰি আন প্ৰায়বোৰ তৈয়াৰী খাদ্যৰ
সতে আজিনামটো মিহলি কৰা হয়। এইবোৰ ক্ষেত্ৰত কিন্তু এনে খাদ্যবস্তুৰ টেমা, পেকেট
অথবা বটলৰ ওপৰত আজিনামটোৰ নাম উল্লেখ নাথাকে। তাৰ ঠাইত কেৱল চিজনিং বুলি লিখা
থাকে। অৰ্থাত্, আজিনামটোক এইবোৰ ক্ষেত্ৰতো খাদ্যৰ সোৱাদ আৰু গোন্ধ একেই ৰাখিবলৈ
ব্যৱহাৰ কৰা হয়। কিন্তু অতি দুৰ্ভাগ্যৰ কথা যে, এনে বস্তু বিলাকত আজিনামটোৰ চিজনিং
খুবেই ফলদায়ক যদিও বিশেষজ্ঞসকলে প্ৰমান কৰিছে যে, মানৱ শৰীৰৰ বাবে এক ক্ষতিকাৰক
পৰিমাণৰ আজিনামটোইহে এনে ক্ষেত্ৰত সফল চিজনিংৰ কাম কৰিব। এইখিনিতে আকৌ আজিনামটোৰ
পৰিমাণৰ কথা আহি পৰে। প্ৰথম অৱস্থাতে, আজিনামটোৰ কিমান পৰিমানে ব্যৱহাৰ কৰিলে মানৱ
দেহত ক্ষতি হ’ব পাৰে-সেই বিষয়ে চিন্তা-চৰ্চা কৰি
বহু-বিশেষজ্ঞই নানান নিৰ্দিষ্ট মাত্ৰ উলিয়াইছিল যদিও-পিছলৈ দেখা গ’ল-যিহেতু আজিনামটোৰ একেবাৰে ক্ষুদ্ৰ অংশ এটিয়েও মানৱ দেহত এক স্থায়ী ক্ষতি
কৰিব পৰা ক্ষমতা থাকে-গতিকে, আজিনামটোৰ সকলো পৰিমাণৰ ব্যৱহাৰেই যে স্বাস্থ্য সন্মত
নহয় সেই সিদ্ধান্ততেই বিশেষজ্ঞসকল এক মত হয়। পিছে আমাৰ দেশত প্ৰতিদিনে নানা
খাদ্যদ্ৰব্যৰ মাজেৰে যে কিমান এনে বিষ খাই আছো সেইয়া জনাৰ উপায় নাই। ভাৰতবৰ্ষত
জামচেদ্পুৰ কনজুমাৰছ গাইডেঞ্চ চচাইটিয়ে দেশত চলি থকা আজিনামটোৰ ব্যৱহাৰৰ বিৰুদ্ধে
প্ৰথম আন্দোলন আৰম্ভ কৰিছিল। কিন্তু, চৰকাৰৰ অৱহেলাৰ ফলত আজিও এই বিষৰ প্ৰচলন
ৰুদ্ধ কৰিব পৰা হোৱা নাই। তাৰোপৰি চৰকাৰৰ এই ক্ষেত্ৰত নিৰবতাও ৰহস্যজনক। আনহাতে,
বিজ্ঞাপন আৰু নানা প্ৰচাৰ মাধ্যমযোগে যি এক বিস্তৃতভাৱে আজিনামটো মিশ্ৰিত খাদ্য
বস্তুসমূহ শিশুৰ বাবে উপযুক্ত বুলি প্ৰচাৰিত হয় তালৈ চাই-এনে খাদ্য শিশুৱে গ্ৰহণ
কৰাৰ ফলত কি হৈ আছে সেয়া সহজেই অনুমেয়। আজি অসমকে ধৰি সমগ্ৰ ভাৰততে যিটো হাৰত
আজিনামটোৰ ব্যৱহাৰ হৈছে-তাৰ পৰিপ্ৰেক্ষিতত আমি সকলোৱেই CRS ৰোগী
হৈ পৰিছো। আপোনাৰ যদি চাইনিজ খাদ্য প্ৰিয়-প্ৰিয় নানা তৈয়াৰী
খাদ্য-কেতিয়াবা বাৰু মন কৰিছেনে আপোনাৰ হাতখন বাৰু কপেনে? হঠাত্ বাৰু বৰ ভাগৰুৱা
অনুভৱ নকৰেনে? আৰু আপোনাৰ শিশুটি-মন কৰিছেনে-তেওঁ বৰ খিংখিঙিয়া হৈ পৰিছে- কথা
নুশুনা হৈছে অথবা বয়স অনুপাতে শ্ৰীবৃদ্ধি হোৱা নাই? বিজ্ঞাপন অথবা প্ৰচাৰত ভোল গৈ
তৈয়াৰী খাদ্য নিজে গ্ৰহণ বা শিশুটিক খুউৱাৰ আগতে, অথবা ৰেষ্টুৰাত চাউমিন বা আন
নুডলছ ডাঙি লোৱাৰ আগতে ভাবি চাওক-সেই খাদ্যত মিশ্ৰিত MSG কেইবাখনো দেশতে নিষিদ্ধ, ইয়েই সৃষ্টি কৰে CRS
ৰোগ-যাক চিকিত্সাৰে সুস্থ কৰাৰ চিন্তা ভাৰতবৰ্ষত কৰা হোৱা নাই। এবাৰ চিন্তা
কৰক-অন্ততঃ ভৱিষ্যতৰ এখন সুস্থ সমাজৰ বাবে।
No comments:
Post a Comment