Wednesday, July 11, 2012


ঔষধ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হওঁক
১) ঔষধ সদাই অনুজ্ঞাপত্ৰ থকা ফাৰ্মাচীৰ পৰাহে ক্ৰয় কৰিব। ঔষধ ক্ৰয় কৰোতে ঔষধৰ বেটছ নম্বৰ (Batch No) ম্যাদ উকলাৰ (Expire date)তাৰিখ আদি উল্লেখ থকা কেচমেম অথবা বিল সংগ্ৰহ কৰিব। ইয়াৰ ফলত ভেজাল, নকল ঔষধ আৰু ম্যাদ উকলা ঔষধ ব্যৱহাৰৰ পৰা সুৰক্ষা পাব পাৰি।
২) ঔষধ ভালদৰে নথলে ম্যাদ উকলাৰ আগতেই ঔষধ নষ্ট হৈ যাব পাৰে। পৰাপক্ষত ঔষধ ঠাণ্ডা, শুকান আৰু ছাঁত থব লাগে।
৩) ৰান্ধনীঘৰ আৰু গাঁধোৱা কোঠাত কেতিয়াও ঔষধ থব নালাগে।
৪) ঔষধৰ লগত মাদকদ্ৰব্য সেৱন কৰাটো অতি ভয়াবহ।
৫) চিকিত্সকে আপোনাক কিবা এটা ৰোগৰ বাবে ঔষধ ব্যৱস্থা পত্ৰত (Prescription)লিখি দিয়াটোৰ অৰ্থ হল- উক্ত ঔষধ কেৱল আপোনাৰ বাবেহে। আনৰ একেধৰণৰ ৰোগ হলে বা একেধৰণৰ উপসৰ্গই দেখা দিলেও কেতিয়াও আপোনাক দিয়া ঔষধ আনক খাবলৈ উপদেশ/পৰামৰ্শ নিদিব।
৬) যদি সাধাৰণ উপসৰ্গই দেখা দিয়ে তেন্তে চিকিত্সকে অবিহনে ফাৰ্মাচিষ্টৰ সৈতে আলোচনা কৰি ঔষধ গ্ৰহণ কৰিব পাৰে। যদি উপসৰ্গবোৰত ৩ দিনলৈ থাকে তেন্তে জৰুৰীভাৱে চিকিত্সকক দেখুৱাওঁক।
৭) একেবাৰে সাধাৰণ উপসৰ্গই বাহিৰে কোন ঔষধ নিজৰ বিচাৰ বুদ্ধিৰে কিনি নাখাব। ৩ দিনতকৈ অধিক উপসৰ্গ থাকিলে চিকিত্সকক দেখুৱাওঁক।
৮) চিকিত্সকে ব্যৱস্থা পত্ৰত (Prescription)লিখি দিয়া মতে ঔষধ গ্ৰহণৰ নিয়মীয়া নিৰ্দ্ধাৰিত ধাৰা (Course) সম্পূৰ্ণ নকৰাকৈ আধাতে ঔষধ খোৱা বন্ধ কৰি নেপেলাব। ৰোগ নিৰাময় হোৱা যেন ভাৱ হলেও চিকিত্সকৰ পৰামৰ্শ মতেহে ঔষধ খোৱা বন্ধ কৰিব। বিশেষকৈ এণ্টিবায়টিকৰ ক্ষেত্ৰত কৰ্চটো সম্পূৰ্ণ কৰাটো আদি প্ৰয়োজনীয়।
৯) সকলোধৰণৰ ঔষধ সৰু লৰা-ছোৱালীয়ে বিচাৰি পোৱা ঠাইৰ পৰা আঁতৰত ৰাখক।
১০)যদি প্ৰয়োজনত বিদেশৰ পৰা ঔষধ আমদানি কৰিব লগা হয় তেন্তে চিকিত্সকৰ ব্যৱস্থা পত্ৰৰ বিপৰীতে এবাৰত ১০০ টা পালি ঔষধহে আমদানি কৰিব পাৰিব।
অধিক তথ্যৰ বাবে যোগাযোগ কৰিব পাৰে : Central Drugs Standard Control Organization, Nirman Bhawan, New Delhi 110011, 

No comments:

Post a Comment