কন্ঠত যেতিয়া তৃষ্ণা
এই উৎকট গৰমত এটোপা চেঁচা পানীৰ চিন্তাই মনটো বৰ ব্যাকুল কৰি তোলে। পিছে, যিসকলে
চেঁচা পানীৰ তৃপ্তি বিচাৰি য’ৰ ত’ৰ পানী খাইছে-আৰু দীৰ্ঘদিন ৰোগত ভুগিব লগা হৈছে,
তেওঁলোকে কেৱল চেঁচা পানীয়েই নিবিচাৰে, বিচাৰে বিশুদ্ধ চেঁচা পানী। কিন্তু এই
বিশুদ্ধ চেঁচা পানী পাব ক’ত?
প্ৰত্যক্ষ কৰা হৈছে, বহুলোকেই আজি-কালি পানীৰ বিশুদ্ধতাৰ ওপৰত বেছি
গুৰুত্ব দিয়ে। বহু লোকেই হাতে-বজাৰে নানা খোৱা
বস্তু খায়-পিছে পানী গিলাচ নাখায়-খাই বটলত পোৱা নানা ধৰণৰ চেঁচা, চেনিপানী
মিহলোৱা, গোন্ধ মিহলোৱা পানী নাইবা পেকেটত পোৱা নানা ধৰণৰ সু-স্বাদু পানী। অথবা, ডাব
নাৰিকলৰ পানী।
দেহটো শাত পেলাবলৈ এটোপা পানীৰ প্ৰয়োজন। চেঁচা হিম শীতল পানী
আৰু বিশুদ্ধ পানী। কিন্তু প্লাষ্টিকৰ বটলৰ ভিতৰত, ৰঙচঙীয়া টেমাৰ ভিতৰত
বা ডাব নাৰিকলৰ ভিতৰত থকা পানী খালেই যে, আমাৰ দেহা শাত পৰিব এনে কোনো কথা নাই। শতকৰা ৯৯ ভাগেই আমি উপলব্ধি কৰা
মানসিক তৃপ্তি!- ১ অংশ হ’ল-অতিৰিক্ত পানী খোৱাৰ ফলত দেহৰ ভিতৰত থকা কিছু তাপ প্ৰস্ৰাৱৰ যোগেৰে বাহিৰলৈ ওলাই যায়। ব্যৱহাৰিক ক্ষেত্ৰত, উপলব্ধি কৰাতকৈ মাত্ৰ ১ শতাংশ কাৰ্য্যক্ষমতাৰ বাবে আমি সেই বটলৰ পানী বা ডাবৰ
পানী খোৱাটো কিমান স্বাস্থ্যসন্মত।
যদি আপুনি ১ শতাংশ কাৰ্য্যক্ষমতাৰ বাবে উক্ত ধন পানীত পেলাবলৈ সাঁজু তথাপিও আপোনাৰ বাবে দু-সংবাদ দুটা আছে।
প্ৰথম, উক্ত পানীয়ত থকা সামগ্ৰীয়ে আপোনাৰ শৰীৰৰ পৰা যিমান তাপ বাহিৰলৈ উলিয়াই
দিব, তাতকৈ কেইবাশ গুণ তাপ বঢ়াব আপোনাৰ দেহৰ ভিতৰত-উক্ত পানীয়ত থকা নানা বিধ
পদাৰ্থই। তদুপৰি, ৰং, গোন্ধ আদিৰ বাবে মিহলোৱা,
আপোনাৰ দেহৰ বাবে অপ্ৰয়োজনীয় ক্ষতিকাৰক পদাৰ্থৰ ক্ষতিতো আছেই। সেই বুলি যে
পানীয়, পান নকৰিব তাৰ কোনো মানে নাই-কিন্তু কেৱল ঠাণ্ডা লগাবলৈকে এনে পানীয় পান
নকৰিব। নিজৰ লোভ সম্বৰণ কৰিব পাৰিলে উক্ত বস্তুবোৰ নোখোৱাই ভাল কাৰণ ডাবৰ
বাহিৰে আন সকলো বটল আৰু পেকেট জাত পানীয়েই দেহৰ ক্ষতি কৰে। যদিহে লোভ
সামৰিব নোৱাৰে আৰু ক্ষতি হ’ব বুলি জানিও উক্ত দ্ৰব্যবোৰ পান কৰে তেতিয়া অন্ততঃ
ঠাণ্ডা লগাম বুলি সেইবোৰ নাখাব। সেই বুলি ডাবৰ
পানী খাবলৈ অৱশ্যে পৰামৰ্শ দিয়া বুলিও নেভাবিব। কাৰণ ডাবৰ পানীয়েও আপোনাৰ দেহ শীতল নকৰে। বৰং আন বটল আৰু
পেকেট জাত দ্ৰব্যতকৈ অধিক গৰমহে কৰি তোলে। ডাবৰ পানীত
অধিক পটাচিয়াম আয়ন থকা হেতুকে (K+++)ই অধিক হাৰত পাকস্থলীৰ কোষবিলাকক উত্তেজিত কৰে, যাৰ পৰিমাণ আন প্ৰটিন সমৃদ্ধ
খাদ্য-মাছ, মাংস আদিতকৈও অধিক।
ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্ট যে, আপোনাৰ দেহ শাত পেলাবলৈ কোনো উপায়
নাই! ইমান চিন্তিত হৈছে কিয়-ভাবকচোন এই প্ৰখৰ ৰ’দতো, গাঁৱত গঞাঁ ৰাইজে হাল-কোৰ বাই
আপোনাৰ বাবে চাউল মুঠি উৎপাদন কৰি আছে। তেওঁলোকৰতো ফ্ৰীজো
নাই, কল্ড ড্ৰিংকছো নাই, ডাব কেইটিও পুৰঠ নাৰিকল কৰিবলৈহে আগ্ৰহী। সঁচা, প্ৰকৃততেই
আপুনি গৰমক লৈ চিন্তিত হোৱাৰ কাৰণ নাই, ভয়
খোৱাৰো কাৰণ নাই। গৰমতো প্ৰতি বছৰেই পৰেই। আমাৰ দেহ গৰমৰ
বাবে সাঁজু। গাটোত গৰম লগাটো এটা জীৱৰ স্বাভাৱিক
প্ৰক্ৰিয়া। -বেমাৰ? গৰমত বেমাৰ হ’ব? একেবাৰে ভুল ধাৰণা। প্ৰকৃততে গৰমত
বেমাৰ হোৱাটো, মৃত্যু হোৱাটো এটা বিৰল ঘটনা। যিবোৰ বেমাৰৰ
বাবে গৰমক দায়ী কৰা হয়-প্ৰকৃততে কিন্তু তাৰ বাবে গৰম দায়ী নহয়। গৰমত ভীত হৈ
আমি অবিজ্ঞান সন্মত আৰু অৰ্থহীনভাৱে যিবোৰ ব্যৱস্থা লওঁহক সেয়াই দায়ী।–যেনে, য’ৰে তৰে
লেতেৰা পানী, ক্ষতিকাৰক কল্ড ড্ৰিকংছ, বেছিকৈ ফেনৰ বতাহ লোৱা, গৰমৰ পৰা আহি হঠাৎ
চেঁচা পানীৰে গা ধোৱা-আইচক্ৰীম খোৱা আদি। এইবোৰ খাই
বেমাৰত পৰি যদি গৰমক দায়ী কৰি নিজৰ মনক সান্তনা দিব বিচাৰে-সান্তনা লভে। আমাৰ ক’ব লগা
একো নাই। কিন্তু সান্তনাৰ নামত নিজক ৰুগীয়া
কৰি তোলা-অন্ধবিশ্বাস গহ্ববৰলৈ ঠেলি দিয়া আৰু নিজৰ ওচৰত সদায় নীচ হৈ থকাটো কিমান
অশান্তিকৰ আপুনি নিজেই ভাবি চাওঁকচোন। গৰমত দুটা
উপায়, পৰামৰ্শই আপোনাক দিব পৰা যায়। বেছি গৰম
লাগিলে, গছৰ ছাঁত মুক্ত বায়ুৰ মাজত অকণমান জিৰায় ল’ব পাৰে। গৰমত ঘাম বেছি
ওলায়। এইয়া স্বাভাৱিক প্ৰক্ৰিয়া। এই ঘামৰ বাবেই
আপুনি কেইটামান কথাত বিশেষ মনোযোগ দিয়া প্ৰয়োজন। যিহেতু, ঘামবোৰ
আমাৰ দেহৰ বাবে আলগতীয়াল বস্তু আৰু ইয়াৰ বাবেই দেহে নিজে ঠাণ্ডা হোৱাৰ প্ৰক্ৰিয়া
সফল কৰি তোলে-গতিকেই ঘাম ওলাই যাবলৈ দিয়াটো উচিত। ঘামে আমাৰ সৰ্ব
শৰীৰ তিয়াই ৰাখে-ফলত বায়ুমণ্ডলত উৰি ফুৰা ধূলি-মাকতিৰ লগতে নানা ধৰণৰ বীজাণু দেহত
আঠা লাগি ধৰে। এইবোৰে যাতে-ছালত খৰ-খজুঁৱতি, ঘাঁ
নকৰে আৰু ঘাম গ্ৰন্থিৰ মুখবোৰ বন্ধ নকৰে তাৰ বাবে ভালদৰে ঘঁহি পিহি গা ধুব লাগে। আকৌ, মূৰ, গাল,
নাক আদিৰ পৰা বায়ুমণ্ডলৰ ধূলি-মাকতি, বীজাণুসহ ঘাম বৈ আহি যাতে মুখত নোসোমাই তাৰ
বাবে সচেতন হোৱা প্ৰয়োজন। পাউদাৰ আদি নোলোৱাই ভাল।
আনহাতে, ঘামৰ যোগেৰে দেহৰ পৰা অধিক পানী আৰু লোন বাহিৰ হৈ যোৱাৰ বাবে
স্বাভাৱিকতে গৰম দিনত কিছু বেছি পৰিমাণৰ পানী গ্ৰহণ কৰাটো প্ৰয়োজন। অলপমান লোনো
মিহলাই ল’লে ভাল। হাইব্লাড প্ৰেচাৰ আছে? চিন্তা নকৰিব,
আজিলৈকে কোনো বৈজ্ঞানীক পৰিক্ষাত নিমখে ব্লাডপ্ৰেচাৰ উচ্চ কৰাৰ কথা প্ৰমাণিত হোৱা
নাই-দেশতো, বিদেশতো। সেই বুলি অত্যাধিক নিমখো নাখাব। ক্ষতি কৰিব। আৰু পানী। এজন প্ৰাপ্ত
বয়স্ক লোকে দৈনিক প্ৰায় ছয় লিটাৰ পানী গ্ৰহণ কৰাটো প্ৰয়োজন। গৰম দিনত ডেৰ-দুই
লিটাৰ অধিক পানী গ্ৰহণ কৰিব পাৰিলে ভাল। পিছে, বিশুদ্ধ
পানী। বিশুদ্ধ বুলি ক’লেই মস্কিল। বিশুদ্ধ পানী
বিচাৰি পোৱাটো আজিৰ দিনত খুবেই কঠিন।
হোটেল-ৰেষ্টুৰা, নিগমৰ চাপ্লাই পানী, আদিবোৰ বিশুদ্ধ নহয় বুলি খবৰ ওলাইছে।
তাতে আকৌ ফিল্টাৰৰ কেণ্ডেলবোৰো হেনো প্ৰকৃতভাৱে কাৰ্য্যক্ষম
নহয়-গতিকে, বিশুদ্ধ পানী পোৱা যায়নো ক’ত! এটা কাম কৰিব পাৰে, ফিল্টাৰৰ পানী উতলাই
চেঁচা কৰি খাব পাৰে। আজিৰ দিনত-ফিল্টাৰ আৰু উতলোৱা দুয়োটা কাৰ্য্য কৰাৰ পিছতহে পানীৰ ওপৰত
অলপ ভৰসা কৰিব পাৰি।
ভাল লাগিবৰ বাবে পানীখিনি অলপ ঠাণ্ডা কৰি খাব পাৰে ফ্ৰীজত থৈ! নালাগে,
পাৰিলে মাটিৰ কলহত থ’ব। মাটিৰ কলহত থ’লে ঠাণ্ডাও ভাল-বেছ
আৰামদায়ক হ’ব। মিছাই দেহ শাত কৰাৰ নামত, পইছা কেইটা
খৰছ কৰাতকৈ পুষ্টিকৰ খাদ্য সামগ্ৰী কিনি খাওঁক স্বাস্থ্যও ভালে থাকিব ৰোগো নহয়।
মনত ৰাখিব অসমখনত আজিলৈকে গৰমত অন্ততঃ মানুহ মৰা নাই। যি গেষ্ট্ৰ’এনটাইটিচ
ধৰণৰ ৰোগত মানুহ মৰে বা আন অসুখত ভোগে সেয়া কেৱল দেহ ঠাণ্ডা কৰিবলৈ অবিজ্ঞান
সন্মতভাৱে পানী গ্ৰহণ কৰাৰ বাবে হয়। অমৃতৰ প্ৰয়োজন
নথকাতো-অমৃত বুলি গৰল পান কৰাৰ দৰে কথা।
No comments:
Post a Comment