Thursday, February 7, 2013


শৈশৱৰ কাজিৰঙা

মোৰ ফটোগ্ৰাফীৰ পাঠশালা - ১

কোকৰাঝাৰত থাকোতে বা তাৰো আগতে ডিব্ৰুগড়ত থকা সময়ৰ যিমানখিনি কথা মোৰ মনত আছে, তাৰ মাজত ফটোগ্ৰাফৰ প্ৰতি আগ্ৰহ থকা কথাটো মনত নপৰে। কহঁৰালৈ অহাৰ পাচত এদিন পাপাই তেখেতৰ বহু পুৰণি ১২০ জোখৰ ফ্লিম ভৰাব পৰা বক্স কেমেৰাটো উলিয়াই চাফা কৰা মূহুৰ্তটোকেই মোৰ ফটোগ্ৰাফীৰ প্ৰতি প্ৰথম আকৰ্ষণ বুলিব পাৰি।
সেই কেমেৰাটোৰে পাপাই বহু ছবি লৈছিল। সেই কেমেৰাটো মোৰ জন্মৰ আগৰে আছিল। কহঁৰাত এটা ফ্লিম তোলাৰ পাচত পাপা আৰু মই বোকাখাট লৈ গৈ মজুমদাৰ ষ্টুডিঅ’ ত সেইটো ধুবলৈ দিছিলো। সকলো কথা ভালকৈ মোৰ মনত নাই যদিও – কেমেৰাটোৰ পৰা পাপাই আশা কৰা ধৰণৰ ৰিজাল্ট পোৱা নাছিল।
ইয়াৰ ঠিক কেই মাহ মানৰ পাছতেই ১ ডিচেম্বৰত  মোৰ জন্মদিনৰ উপহাৰ হিচাপে কোকৰাঝাৰৰ শাক্য চাৰে (চাণক্য বৰ্মণ) এটা আগফাৰ ক্লিক III কেমেৰা মোৰ বাবে লৈ আহিল। এয়াই মোৰ জীৱনৰ এটা ভাল লগা অধ্যায়ৰ আৰম্ভণী – যিয়ে এতিয়াও মোক আনন্দৰ মাজত ডুবাই ৰাখে।
এতিয়াও মোৰ ষ্পষ্টকৈ মনত আছে, শাক্য চাৰে ভৰাই অনা ৰীলটোত মই নিজে তোলা প্ৰথমখন ছবি আছিল – পাপাই কহঁৰাৰ চাংঘৰৰ সন্মুখত কৰা ফুলনিখনৰ মাজত শাক্য চাৰক বেতৰ চকীত বহুৱাই সন্মুখত হালধীয়া আৰু গুলপীয়া ৰঙৰ (ফ্লিমটো অৱশ্যে কলা-বগা আছিল) ডালিয়া ফুলৰ সৈতে এখন ফটো তুলিছিলোঁ। ছবিখন এতিয়াও আছে।
সেয়াই আৰম্ভণী- তাৰ পাছত, মনত থকালৈকে, গুৱাহাটীলৈ অহালৈকে সেই কেমেৰাটো কেতিয়াও উদং হৈ থকা নাছিল।
অৱশ্যে মোক ফটোগ্ৰাফীৰ প্ৰতি আগ্ৰহী কৰি তোলাত দুজন ব্যক্তিৰ প্ৰেৰণা আৰু এজন অজান মুলুকৰ পৰা অহা বিদেশীৰ ভূমিকা আছে। কহঁৰাত- এদিন স্কুলৰ পৰা আহি ঘৰৰ সন্মুখৰ চিৰিত বহি থাকোতে লক্ষ্য কৰিলো- এজন বিদেশীয়ে আমাৰ চৌহদত থকা সোনাৰু আৰু কৃষ্ণচূড়া ফুলৰ ছবি বৰ যত্নৰে লৈছে। মই দৌৰি গৈ তেওঁৰ কেমেৰাটো কাষৰ পৰা চালো। তেওঁ মাটিত শুই-বহি বিভিন্ন ধৰণে ফটো ল’লে। মোৰ উত্সুকতা দেখি তেওঁ মোক তেওঁৰ কেমেৰাটো এবাৰ মোৰ ডিঙিত ওলমাই দি ভিউ ফাইণ্ডাৰেৰে চাবলৈও শিকাঁলে। সেই দিনাই প্ৰথম TTL কেমেৰাৰ প্ৰাথমিক ধাৰণা এটা পালো। তেওঁ মোক ঠিয় কৰাই বেকগ্ৰাউণ্ডত কৃষ্ণচূড়াৰ ছবি তুলিলে - মাটিত শুই লৈ। সেইখিনি সময়ত মা’ৰ চিঞৰ ভিতৰৰ পৰা “ভাল কাপোৰ পিন্ধি নাজাৱ কিয়..’’। এতিয়া ভাবিলে লাজ লাগে, এটা গেঞ্জী আৰু বুটাম চিঙা হাফপেণ্টৰৰে তোলা সেইখন ছবি হয়তো এতিয়াও কাৰোবাৰ এলবামত বন্দী হৈ আছে!!!
যি কি নহওঁক বিদেশী যোৱাৰ পাচত মই মোৰ ক্লিক কেমেৰাটো লৈ বিদেশীয়ে তোলা ধৰণে মাটিত বহি-শুই কেমেৰাৰ মাজেৰে চাবজেক্ট চাবলৈ ধৰিলো। সেই ধৰণৰে ছবি তুলিছিলো নে নাই পাহৰিলো, কিন্তু চাবলৈ জানিলে সদাই সন্মুখত দেখি থকা সোনাৰু আৰু কৃষ্ণচূড়াৰ সৌন্দৰ্য্য কিমান সেই কথা বুজি পালো। বেক গ্ৰাউণ্ডত নীলা আকাশখনৰ সৈতে সেই ছবি এতিয়াও মোৰ চকুৰ পতাত বন্দী হৈ আছে। এংগ’ল আৰু বেকগ্ৰাউণ্ডৰ ধাৰণা সেই বিদেশী জনেই মোক দান দি গ’ল। যাওঁতে মোক কৈ গ’ল “কিপ ক্লিকিং’’।
তাৰ পিচৰ চোৱাত যি দুজন ব্যক্তিয়ে মোক প্ৰেৰণা দিলে তেখেতসকলে হয়তু নাজানিলেই তেখেতসকলে নজনাকৈ এজন শিষ্য হ’ল! তাৰে প্ৰথমজন হ’ল- সেই সময়ৰ কহঁৰাৰ ৰেঞ্জাৰ শ্ৰীৰাজেন সোনোৱাল আৰু দ্বিতীয় জন হ’ল ৱাইল্ড লাইফ ফটোগ্ৰাফীত বিখ্যাত প্ৰয়াত মনোজ দত্ত। প্ৰথমে মই ৰাজেন সোনোৱাল খুড়াক লগ পাইছিলো যদিও তেখেতৰ ছবিবোৰ দত্ত বৰ্তাৰ ছবি দেখাৰ পাছত হে চোৱাৰ ভাগ্য হৈছিল। পাপাৰ লগত বিভিন্ন ট্ৰিটমেন্ট বা পোষ্টমৰ্টেম বা বিভিন্ন অফিচিয়েল কামত ওপৰলৈ (মানে ৰেঞ্জ অফিছ) আৰু ভিতৰলৈ (মানে অভয়াৰণ্য ) যোৱাৰ সময়ত সোনোৱাল খুড়াৰ কেমেৰাটোৱেই আছিল মোৰ প্ৰধান আকৰ্ষণ।
এবাৰ আৰিমৰালৈ বিভাগীয় বনভোজ খাবলৈ যাওঁতে দলটোত মাত্ৰ দুটাই কেমেৰা আছিল,,,, এটা মোৰ ক্লিক III আৰু আনটো সোনোৱাল খুড়াৰ।
১২০ জোখৰ ফ্লিমত কেবল ১২ খন হে ছবি ল’ব পৰা যায়। সেই বাবেই ছাগে তেতিয়াই মই চাবজেক্ট চিলেক্টছনত গুৰুত্ব দিয়া আৰু ক্লিক কৰাত মিতব্যয়ী হ’বলৈ শিকিছিলো, যিটো এতিয়াও থাকি গ’ল। সেই দিনা বনভোজত মোৰ কেমেৰাৰ ৯ নম্বৰ ছবিখন তুলি দিছিল সোনোৱাল খুড়াই চাবজেক্ট আছিলো বাগৰি বিট অফিছাৰৰ বাইন’কুলাৰ লৈ পজ দিয়া মই।
তাৰ পাচত পাপাৰ বন্ধু হিচাপে পালো মনোজ দত্ত বৰদেউতাক। কহঁৰাৰ টুৰিষ্ট ল’জৰ বাকৰিত দেখা তেখেতৰ শ্লাইড শ্ব’ বোৰে মোক বহুত চাবজেক্ট দিছিল – যি বোৰ আজিও মই শেষ কৰিব পৰা নাই। তেখেতৰ বিষয়ে আৰু বহুত কথাই কবলৈ আছে.. লাহে লাহে কৈ যাম।
পাচত গুৱাহাটীলৈ আহি চেনিকুঠিত মনোজ দত্ত বৰদেউতাৰ কাষতে থাকি বহুত কথাই শিকিছিলোঁ। (আগলৈ)  

No comments:

Post a Comment