Wednesday, January 8, 2014

জয়ৰাজ আৰু নাই

শান্ত, গম্ভীৰ আৰু নেতৃত্ব লব পৰা জয়ৰাজ আৰু নাই। শৈশৱৰ তিনিটা বছৰ কাজিৰঙাত থকা কালচোৱাত জয়ৰাজ মোৰ বাবে আছিল হিৰ' , বিভিন্ন অখুখ আৰু বিভিন্ন ঘাঁ আদিৰ চিকিত্সা কৰিবলৈ আমাৰ ঘৰৰ কাষতে থকা চিকিত্সালয়লৈ, ঔষধ খাবলৈ প্ৰায়ে আহিছিল জয়ৰাজ। জয়ৰাজ অহা বুলি শুনিলেই দৌৰ মাৰিছিলো জয়ৰাজৰ কাষলৈ। চকুত আছিল মৰমৰ ভাৱ। শুৰডাল দাঙি যেন কিবা কৈছিল। সেই সময়ত জয়ৰাজেই আছিল কাজিৰঙাৰ আটাইতকৈ ওখ হাতী। আমাৰ ঘৰলৈ আলহী আহিলে ভিতৰলৈ (অভয়াৰণ্যলৈ) ফুৰিবলৈ হ'লে আমি জয়ৰাজকেই বিচাৰিছিলো। কাৰণ জয়ৰাজ আছিল সাহসী। পোৱালী থকা গড়েও একেবাৰে ওচৰলৈ গ'লেও জয়ৰাজলৈ চোচা লবলৈ ভয় কৰিছিল। জয়ৰাজৰ শান্ত ভাৱ-ভংগী দেখি হয়তো গড়েও বুজিছিল - একো অনিষ্ট নকৰে বুলি। কিছুদিন পিছতেই কাজিৰঙাত হাতীৰ সংখ্যা কম হোৱাত মাৰ্ঘেৰিটা ফালৰ পৰা এটা প্ৰকাণ্ড দঁতাল হাতী কাজিৰঙালৈ অনা হৈছিল - তেওঁ আছিল চাহজাহান। ইয়াৰ পিছতে জয়ৰাজ আৰু চাহজাহানৰ মাউতৰ মাজত চলিছিল ভিতৰুৱা কাজিয়া। চাহজাহানে হেনু জয়ৰাজৰ স্থান দখল কৰিছিল। অৱশ্যে বাস্তৱিকতে সেয়া হোৱা নাছিল। একেবাৰে সৰু আছিলো মই তেতিয়া... সকলোবোৰ কথা মনত নাই .. বহুবোৰ কথা বুজিও পোৱা নাছিলো। কিন্তু কাজিৰঙাতে জন্ম পোৱা ৰূপমায়াৰ অকমানি সন্তান (তেতিয়া আমি নাম দিছিলো "ছুকৰী'' এতিয়া ক'ত কেনেকৈ আছে নাজানো) টিক হেনু জয়ৰাজে বৰ মৰম কৰিছিল। ওচৰত পালেই শুৰডালেৰে মৰম কৰিছিল। ...... বহু কথাই আজি মনলৈ আহিছে... কিন্তু জয়ৰাজ নোহোৱা হোৱাৰ কথাটোৱে বাৰে বাবে চকুহাল তিয়াই পেলাইছে।
০৮/০১/২০১৪ 

No comments:

Post a Comment